হাঁহি
আপুনিয়ে নহয় জানো
সুখৰ হৰ্ডিঙচ্ এখনত ওলমি থাকে
এটা অৰ্থপূৰ্ণ বিজ্ঞাপন হৈ
ধনী দুখীয়া সকলোৰে বাবে
এটাই মাত্ৰ অনুৰুধ
মোকেই গ্রহন কৰা মাত্ৰ
অপুনিয়েই চিঞৰে নেকি
অলপ সুখৰ বিনিময়ত
মই হব পাৰো তোমাৰ
অলপ কঠিন চৰ্ত
যিহেতু বিনিময় আপোনাৰ সুখ
নষ্ট গলিটোৰ কাষত
আপোনাকেই লগ পাও মই
সস্তীয়া সুৰাৰ বটলৰ সৈতে
আৰু ক’ৰবাত দেখু আপোনাক
ঠিক মনত পৰা নাই এতিয়া
তেতিয়া আপোনাৰ মুখত থাকে
কৃত্ৰিম সুখ
হয়তো দুখক ঢাকি ৰখাৰ
এটা অৰ্থহীন মিছা হাঁহি
হিৰণ্য
No comments:
Post a Comment