প্রেয়সী-২
তুমি মোৰ প্রেয়সী হবলৈ হলে
তুমি বিশেষ কোনোবা নহলেও হব
পাৰা যদি অকনমান সঁহাৰি জনাবা
দুখ বা সুখেৰে
তুমি ধুনীয়া হব লাগিব বুলি
কোনো চৰ্ত নিদিও
কিন্তু তুমি মৰম বুজাতো বাঞ্চনীয়
নিবিচাৰো মই নিলীম নয়ন
লাহি ওঁঠৰ কোমল হঁহি
উথন বুকুৰ নিৰ্ল্লজ চাৱনি
খাঁমুচীয়া কঁকাল অথবা
দীঘল চুলিতাৰী
মৰমবোৰ কিমান গভীৰ হলে
তোমাৰ সৈতে খোজ কাঢ়িব পাৰিম
কলেজ কেণ্টিনৰ পৰা লাইব্রেৰীলৈ
মই নাজানো কিমান গভীৰ ভালপোৱাৰ ফলশ্ৰুতিত
একাপ চাহত চুমুক দিব পাৰি দুজনে
কিমান ভালপালে কব পাৰি
তোমাক মোৰ আজিকালি ভাল নলগা হৈছে
পিছে তুমি উত্তৰ জনাতো প্রয়োজনীয়
তুমি মোৰ সৈতে সুখী হব পাৰিবানে
মই সুখী হম নিশ্বয়
মই এনেকৈয়ে সুখী হও
যেন বৰ্ষনমুখৰ নিশাৰ পাচৰ কোমল ৰ’দালি
তুমি বহুতক মৰম দিব পাৰিব লাগিব
মোক, মোৰ দুখক, মোৰ ভঙা পঁজাটিক
মোৰ দেউতাক অথবা মোৰ আইক
তোমাক মই কাষত বিচাৰিম
কলেজ কেন্টিনত অথবা ইকনমিক্সৰ ক্লাছত
তুমি লগ দিব পাৰিব লাগিব
মায়াময় সন্ধিয়াত তোমাক লগ ধৰিম
নিৰৱতাৰে পাৰ কৰিম কিছু সময়
তৰা গণি সুদূৰ আকাশৰ
জোঁনটিৰ সৈতে কথা পাতিম
দেশ, জাতি আৰু মানৱতাৰ
মই তোমাক সদায় আমনি কৰিম
ৰাতিপুৱা, দুপৰীয়া, গধূলি
তুমি সহিব পাৰিব লাগিব মোৰ আমনি
প্রতিপল তোমাৰ কাষত থাকিম
বতাহৰ দৰে
তুমি যদি এবাৰো কোৱা ময়ে তোমাৰ প্রেয়সী
মই হয়তো মই হৈ নাথাকিম
মই হৈ পৰিম তোমাৰ
মাথোঁ তোমাৰ