About Me

My photo
Sivasagar, Assam, India
Don't judge by cover.. Talk with me and discover..

Search This Blog

Thursday, March 3, 2011

শূন্যতা

শূন্যতা
অলপ শূন্যতা আপোনাৰ বাবে
নীৰৱতাৰ সিপাৰৰ অলপ কিৰিলী
অলপ হেঙুলীয়া আপোনাৰ জীৱনৰ
নিষিদ্ধ ৰং মোৰ হৃদয়ৰ

শূন্যৰ পৰা আৰম্ভনি
হয়তো আৰম্ভনিৰ পৰাই শূন্যতা
পূৰ্নতা প্রাপ্তিৰ নিঃকিন হিচাপ
জীৱন যুদ্ধৰ অনাৱশ্যক হুংকাৰ

মাঁথো আপোনাৰ বাবে অলপ হাঁহি
প্রেমৰ জীয়া জুইত যাঁপ দিয়া
কেঁচা কলিজাটোৰ প্রতি
আপোনাৰ আৰু মোৰ
অন্তিম শ্রদ্ধাঞ্জলি
              
               হিৰণ্য

No comments: