তোমাক ভাল পোৱাৰ চৰ্ত
তুমি কোৱা
তোমাক ভালপোৱাৰ চৰ্ত কি
মই কি কৰিব লাগিব
এখেতক সন্মান
তেখেতক অসন্মান
তুমি কোৱা
মদ নাখাবা,চিগাৰেট নুহুপিবা
দিনত মি্ছকল নিদিবা
দেউতা থাকে
অধৈয্য হৈছা কিয়
মোক চিন্তা কৰিবলৈ সময় দিয়া
মোৰ ঘৰৰ ফালে নাহিবা
মায়ে দেখিব
মোৰ দাদাই গম পাব
তুমি মোক ভাল নোপোৱা
তাকে কোৱা নাই কিয়
এই সকলোখিনি ভাল নোপোৱাৰ চৰ্ত
তেন্তে ভালপোৱাৰ চৰ্ত দিয়া
ভালপোৱাৰ সকলো চৰ্ত পূৰণ কৰিবলৈ মই সাজু
হিৰণ্য হাজৰীকা
No comments:
Post a Comment