About Me

My photo
Sivasagar, Assam, India
Don't judge by cover.. Talk with me and discover..

Search This Blog

Thursday, March 3, 2011

পৰাধীন স্বাধীনতা

পৰাধীন স্বাধীনতা
সূয্যোদয়ৰ দেশৰ নিকৃষ্ট মানৱতা
স্বাধীনতাৰ অনভিজ্ঞ সংজ্ঞা
জীয়াই থকাৰ অবিৰাম আন্দোলন
মুক্ত পৃথিৱীৰ গুপ্ত ব্যভিচাৰ

হাতত হেংদাঙ স্বাধীনতাৰ
মানৱ প্রেমৰ গুলাপী কাঁইট
মাতৃৰ বুকু শুদা হলেও
আপুনিও নিশ্বয় প্রেমিক স্বাধীনতাৰ

নিশা কেতেকীৰ বিননী
মুক্ত বিচৰণত তাৰো আমনি
পলৰীয়া সৈনিকক বীৰোচিত আদৰণি
মানৱতাৰ মৰিশালীৰ অন্তিম প্রকাশ

দেশপ্রেমৰ অনৰ্থক আস্বাদন
ডাঁঠ অৰণ্যৰ প্রতাৰক আলিঙ্গন
হাতত বন্দুক লৈ মই দেশপ্রেমিক
তেজৰ লগত অন্ধকাৰৰ সৈনিক

আপোন দেশৰ নিকৃষ্ট জাতি
মৌখিক প্রকাশেৰে নিল্লজ্জ দেশপ্রেমিক
নিৰক্ষৰ দেশত সম্ভ্রান্ত আচৰণ
স্বাধীনতাৰ প্রত্যাশাৰ নিকৃষ্ট প্রতিফলন

                                        হিৰণ্য

No comments: