এবাৰ মাঁথো
মোৰ কাষলৈ আহা
সময়ক স্তব্ধ কৰিম
অলপ সহাৰি দিয়া
ওৰে জীৱন কাষত থাকিম
ভালপাওঁ বুলি কোৱা
ভালপোৱাৰ বুৰঞ্জী লিখিম
সপোনত ধৰা দিয়া
সপোন লৈয়ে মই জীয়াই থাকিম
অমানিশা হব খোজা
অমানিশাতো মই পূৰ্ণিমা ৰচিম
নিৰ্জ্জনতা হোৱা এবাৰ
নীৰৱতা হৈ মেৰিয়াই ধৰিম
নিয়ঁৰ হোৱা তুমি
দূবৰি হৈ উমলি থাকিম
পোহৰ হোৱা মাঁথো
বেলি হৈ চাই থাকিম
নদী হোৱাৰ চেষ্টা কৰা
বালিচৰ হৈ মই চুমা যাচিম
এবাৰ মাঁথো মোৰ জীৱন হোৱা
মৃত্যুকো মই পাহৰাই ৰাখিম ।
হিৰণ্য
No comments:
Post a Comment